মহানগৰীৰ হাতীগাঁৱৰ বিশিষ্ট সমাজকৰ্মী অলকেশ ৰায় মেধিৰ মৃত্যু

128

হাতীগাঁৱৰ বিশিষ্ট সমাজকৰ্মী অলকেশৰায় মেধিৰ গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰ নিশা প্ৰায় ২ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ৷ অলকেশ ৰায় মেধি দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে হাতীগাঁওস্থিত ললিতচুবুৰীৰ নিজ বাসগৃহত গুণমুগ্ধৰ ভিৰ হয়। সামাজিক কাম-কাজত আগৰণুৱা হাতীগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে হাতীগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷ হাতীগাঁও অঞ্চলৰ কেইবাটাও অনুষ্ঠানৰ দায়িত্ব লোৱাৰ লগতে মৃত্যুৰ আগমুহূৰ্তলৈকে অনুষ্ঠানসমূহৰ সৈতে জড়িত হৈ আছিল৷ শুকুৰবাৰে তেওঁৰ নশ্বৰদেহ পুষ্পসজ্জিত বাহনেৰে অন্তিম যাত্ৰা কৰা হয়৷ উল্লেখ্য অলকৰায় মেধি প্ৰয়াত সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক, সাংস্কৃতিক কৰ্মী কৃষ্ণ ৰায় মেধিৰ পুত্ৰ আছিল৷ শুকুৰবাৰে ললিতচুবুৰীত নুৰুল হকৰ পৰিচালনাত অনুষ্ঠিত শোক সভাত হাতীগাঁৱৰ বাসিন্দা তথা ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী, প্ৰাক্তন আছু নেতা নুৰুল হক, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু সমিতি, হাতীগাঁও ব্যৱসায়ী সন্থা, বৃহত্তৰ হাতীগাঁও দুৰ্গা পূজা পৰিচালনা সমিতি, নৱাৰুণ শাখা সাহিত্য সভা, ৰেডিয়ান যুৱক সংঘ, হাতীগাঁও মহিলা সমিতি, হাতীগাঁও-সিজুবাৰী ছাত্ৰ সন্থা,বিষ্ণুজ্যোতি পথ উন্নয়ন সমিতি,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ইছমাইল আলীকে ধৰি কেইবাটাও দল-সংগঠন ব্যক্তি বিশেষে অন্তিম শ্ৰদ্ধা যাঁচি পৰিয়ালক সমাবেদনা জ্ঞাপন কৰে৷ পুষ্পসজ্জিত বাহনেৰে তেওঁৰ মৃতদেহ কঢ়িযায় নি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷ অলকেশ ৰায় মেধি এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল৷ অলকেশ ৰায় মেধিয়ে মৃত্যুৰ সময়ত মাতৃ মিনা কুমাৰী ৰায় মেধি, পত্নী বন্দনা ৰায় মেধি, ভাতৃ পুলকেশ ৰায় মেধি, ভগ্নী মালবিকা ৰায় মেধি, চুমি ৰায় মেধি, ভনী জোঁৱাই অনিল দাস, জীয়ৰী অৰুন্ধতি ৰায় মেধি আৰু পুত্ৰ প্ৰিয়াব্ৰত ৰায়মেধিক এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত হাতীগাঁও অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।