গুৱাহাটী মহানগৰীৰৰ মালিগাঁৱত অঘটন।
পুৱা বিদ্যালয়লৈ বুলি গৈ থকা সময়তে সেনা বাহিনীৰ বাহনত খুন্দাত নিহত এগৰাকী ছাত্ৰী।
মহানগৰীৰ মালিগাঁৱৰ ৩নং গেটত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত মালিগাঁও ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী।
নিহত ছাত্ৰীগৰাকীৰ নাম লাৱণ্য পাল বুলি জানিব পৰা গৈছে।
মঙলবাৰে পুৱা লাৱণ্যই বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা।
