আনক ঠগি বিলাসী জীৱন যাপন কৰা মহানগৰীৰ মহাপ্ৰৱঞ্চক মৃদুপৱন নেওগক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। পলাতক অৱস্থাত থকা মৃদুপৱন নেওগৰ শেষ লোকেশ্যন ইতিমধ্যে আৰক্ষীয়ে লাভ কৰাৰ পিছতে মহাপ্ৰৱঞ্চকজনৰ গ্ৰেপ্তাৰ প্ৰক্ৰিয়া তৰান্বিত কৰি তুলিছে।
আৰক্ষী সূত্ৰই সদৰী কৰা মতে মহা প্ৰবঞ্চক মৃদুপৱনৰ শেষ লোকেশ্যন মধ্যপ্ৰদেশত ধৰা পৰিছে। উল্লেখ্য যে, আৰক্ষীয়ে প্ৰবঞ্চক মৃদুপৱন নেওগৰ ঘৰত চলোৱা তালাচীত জব্দ কৰিছিল পিষ্টল, বহু পৰিমাণৰ সোণ, ষ্টাম্প পেপাৰ, বহু নথি-পত্ৰ আদি। হাইপ্ৰফাইল লোক আৰু ৰাজনৈতিক নেতাৰ সৈতে ফটো উঠি সেই ফটোৰে নিজকে অতি প্ৰভাৱশালী বুলি জাহিৰ কৰা মৃদুপৱন নেওগে হাত,ডিঙি, ভৰিত সোণৰ চেইন পিন্ধাৰ ফটোই চচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।
