মহানগৰীৰ গড়চুকত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক

85

ৰাজ্যজুৰি ড্ৰাগছৰ সৰবৰাহ থতা নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ বিৰুদ্ধে সষ্টম হোৱা দেখা গৈছে আৰক্ষীক। শেহতীয়াকৈ মহানগৰৰীৰ গড়চুক কটাহবাৰীত আৰক্ষীয়ে অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

জানিব পৰা মতে, গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন নাথৰ তৎপৰতাত কটাহবাৰীৰ নাগা চেকিঙত আৰক্ষীয়ে এএছ ০১একে ৩২৯২ নম্বৰৰ এখন ছুইফট বাহনৰ পৰা ৪৩টা ড্ৰাগছৰ কন্টেনাৰ, কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মিষ্টাল হকক ইতিমধ্যে আটক কৰাৰ লগতে ছুইফট বাহনখনো জব্দ কৰিছে।