ষ্টাফৰিপৰ্টাৰ, মহানগৰীত বিগত কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ খাৰঘূলিৰ হিৰিম্বাপুৰত দেওবাৰে পুৱা হোৱা ভয়ংকৰ ভূমিস্খলনত নিহত হয় এগৰাকী ২১বছৰীয়া প্ৰতিভাৱান যুৱতী। যুৱতীগৰাকীৰ নামৰ হৈছে প্ৰিয়ংকা বড়ো। পাহাৰৰ মাটি খহি আহি প্ৰিয়ংকা বড়োক হেঁচি পেলোৱাৰ ফলত মৃত্যু হয়।নৃত্যশিল্পী হিচাপে খ্যাতি অৰ্জন কৰা প্ৰিয়ংকাৰ মৃত্যুত এতিয়া শোকস্তদ্ধ পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ। উল্লেখযোগ্য দেশ-বিদেশৰ বিভিন্ন স্থানত বিহুৰ লগতে অসমৰ জনগোষ্ঠীয় বিভিন্ন নৃত্য প্ৰৰ্দশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল প্ৰিয়ংকাই। গুৱাহাটী কলেজৰ ষষ্ঠ ষান্মাসিকৰৰ ছাত্ৰী আছিল প্ৰিয়ংকা। প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ সন্মুখতো নৃত্যু প্ৰদৰ্শন কৰাৰ লগতে শেহতীয়াকৈ প্ৰিয়ংকাই লণ্ডনলৈ যোৱাৰো যো জা চলাইছিল।শাস্ত্ৰীয় আৰু লোক নৃত্যত পাৰ্গত প্ৰিয়ংকাই মেট্ৰিক পৰীক্ষাত সংগীত বিভাগত অসমৰ ভিতৰত প্ৰথম সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল ।
