হস্তী-মানুহৰ সংঘাতে প্ৰায়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰি আহিছে। বনাঞ্চল হ্ৰাস পোৱাৰ ফলত বাসস্থান আৰু খাদ্যৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে প্ৰায়ে মানুহৰ ওপৰত আক্ৰমণ কৰাৰ উপৰিও খেতি-বাৰী, ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে।
শেহতীয়াকৈ মহানগৰীৰ ভীমা শংকৰ মন্দিৰৰ সমীপতো পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে উপদ্ৰৱ চলায়। হাতীৰ গছকত এজন লোকে প্ৰাণ হেৰুৱাবযলগীয়াও হয়।
জানিব পৰা মতে, শুকুৰবাৰে প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱা জামা জনৰ লোকজনক বন্যহস্তীয়ে আক্ৰমণ কৰে। যাৰ ফলত থিতাতে মৃত্যু ঘটে ব্যক্তিজনৰ। বন্যহস্তীৰ এই উপদ্ৰৱক লৈ অঞ্চলটোত আতংকই বিৰাজ কৰিছে।