মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা

10

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন কল বেপাৰীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত চিকিৎসক। ইতিমধ্যে চিকিৎসকগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।জানিব পৰা মতে এজন কল বেপাৰীয়ে চিকিৎসক হিমাংশু ৰাজবংশীক কেঁচীৰে আক্ৰমণ কৰে। অভিযুক্ত কল বেপাৰীজনৰ নাম ইমাদাদুল হক।বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসক আক্ৰমণৰ ঘটনা পোহৰলৈ আহে। পুনৰ ৰাজ্যত সংঘটিত হৈছে চিকিৎসকক আক্ৰমণৰ দৰে জঘন্য ঘটনা।হিমাংশু ৰাজবংশী নামৰ চিকিৎসকগৰাকী জি এম চি এইচতে কৰ্মৰত। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কল বেপাৰীগৰাকীক।