মহানগৰীত উদ্ধাৰ পশ্চিমবংগৰ যুৱতীৰ মৃতদেহ

280

গুৱাহাটীত পেইং গেষ্টত এগৰাকী ২১ নাৰ্ছিঙৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটীৰ উলুবাৰী স্থানীয় হৰবালা পথত পিজিৰ বাথৰুমত ৰহস্যজনক পৰিস্থিতিত যুৱতীগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

নিহত যুৱতী গৰাকী পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ বাসিন্দা সৰ্মিতা ঘোষ বুলি জানিব পৰা গৈছে।

দেওবাৰে সন্ধিয়া উদ্ধাৰ কৰে ছত্ৰীগৰাকী মৃতদেহ।

খবৰ পোৱাৰ লগে লগে গুৱাহাটীৰ পল্টন বজাৰ থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।