মহাজোঁটত আউল! AIUDFৰে মিত্ৰতা ভংগ কংগ্ৰেছৰ…

97

গুৱাহাটীঃ অৱশেষত মিত্ৰতা ভংগৰ দিশে কংগ্ৰেছ-এআইইউডিএফ। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপিক পৰাভূত কৰিবলৈ গঠন হোৱা মহাজোঁট ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ এইআইইউডিএফৰে মিত্ৰতা ভংগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছৰ ক’ৰ কমিটীৰ বৈঠকত মিত্ৰতা ভংগৰ কথা সদৰী কৰিলে এপিচিচিৰ সভাপতি ভূপেন বৰাই। ইতিমধ্যে এই সন্দৰ্ভত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মহাজোঁটৰ মাজত আৰম্ভ হৈছিল বিসম্বাদ। প্ৰথমে বিপিএফৰ মহাজোঁটৰ পৰা বাহিৰ হোৱা সিদ্ধান্তৰ পিছত বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এআইইউডিএফৰ সাম্প্ৰদায়িক আচৰণক লৈ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অসন্তুষ্টি ব্যক্ত কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত মিত্ৰতা ভংগৰ আহ্বান জনাইছিল তেওঁলোকে।

ইফালে কংগ্ৰেছৰ মিত্ৰতা ভংগৰ একপক্ষীয় সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিছে এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা বিধায়িনী দলৰ সভাপতি হাফিজ বচিৰ আহমেদ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এ আই ইউ ডি এফৰ বিধায়িনী দলৰ দলপতিগৰাকীয়ে কয় যে সম্প্ৰতি বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলক প্ৰতিহত কৰিবৰ বাবে মহাজোঁট শক্তিশালী কৰিবই লাগিব৷ তাত AIUDF থকাটো অতি গুৰুত্বপূৰ্ণ৷ লগতে তেওঁ কয়, গণতান্ত্ৰিক ধৰ্ম পালন কৰি নিৰপেক্ষ দলবোৰ অধিক শক্তিশালী কৰাতো সময়ৰ আহ্বান৷ মাথোঁ ব্যক্তিগত দুই এজনৰ মহাজোঁটৰ নীতি–আদৰ্শৰ পৰিপন্থী উক্তিৰ ওপৰত ভিত্তি কৰি মহাজোঁটক দুৰ্বল নকৰিবলৈ আহ্বান কংগ্ৰেছক৷