মহাকুম্ভত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন

10

মহাকুম্ভত দেখা গ’ল সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন।কিয়নো এলাহাবাদৰ পৰা এনে বহু ভিডিঅ’ আৰু ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যিয়ে দেশৰ গভীৰ হিন্দু-মুছলমান ভাতৃত্ববোধৰ সাক্ষ্য বহন কৰা দেখা গৈছে। ২৮-২৯ জানুৱাৰীত মৌনী অমাৱস্যাৰ নিশা মহা কুম্ভৰ সময়ত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল, য’ত প্ৰাণ হেৰুৱাইছিল বহুলোকে। এই পৰিস্থিতিত সহায়ৰ বাবে আগবাঢ়ি আহিছিল জানচেনগঞ্জ ৰোডকে ধৰি ১০টাতকৈও অধিক অঞ্চলৰ মুছলমানসকলে।পদপিষ্টৰ ঘটনাৰ পিছত যেতিয়া বহুতো হিন্দু ভক্তৰ ওচৰত খাবলৈ একো নাছিল, মুছলমান ভাতৃসকলে তেওঁলোকৰ কাষত থিয় দিছিল। তেওঁলোকে হিন্দু ভক্তসকলৰ বাবে মছজিদৰ দুৱাৰ খুলি দিছিল, খাদ্যৰ বাবে বিশেষ ভোজনৰ ব্যৱস্থা কৰিছিল লগতে ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ কম্বল বিতৰণ কৰিছিল।এই ভিডিঅ’ আৰু ফটো এতিয়া সামাজিক মাধ্যমত বহুলভাৱে ভাইৰেল হৈ পৰিছে। যিয়ে দেশৰ গভীৰ হিন্দু-মুছলমান ভাতৃত্ববোধৰ সাক্ষ্য বহন কৰা দেখা গৈছে।