ষ্টাফৰিপৰ্টাৰ, মষ্ট ৱান্টেড গেংষ্টাৰ, ৮জনকৈ আৰক্ষী বিষয়া-জোৱানক হত্যা কৰা কুখ্যাত অপৰাধী বিকাশ ডুবে আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছে।মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ হোৱা বিকাশ ডুবেক আৰক্ষীয়ে কানপুৰলৈ আনি থকা অৱস্থাতে আৰক্ষীৰ গুলীত নিহত হয়।১০ মিনিটজোৰা সংঘৰ্ষৰ অন্তত আৰক্ষীৰ গুলীত নিহত হয় বিকাশ ডুবে।এই সংঘৰ্ষত চাৰি আৰক্ষীও আহত হয়। জানিব পৰা মতে,বিকাশ ডুবেক উত্তৰ প্ৰদেশ এছ টি এফে ৩খন গাড়ীৰ এক কনভয়ৰ জৰিয়তে কাণপুৰলৈ নি আছিল। কাণপুৰৰ দেহাতত হঠাৎ এছ টি এফৰ এখন গাড়ী দুৰ্ঘটনাত পতিত হয়।বাহনখন বাগৰি পৰাৰ পাছতে বিকাশ ডুবে পলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীও চলায়।এনে সময়ত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে বিকাশ ডুবেলৈ গুলী চলাবলৈ বাধ্য হয়। আৰক্ষীয়ে বিকাশ ডুবেক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
Latest article
ফ্লিপকাৰ্টৰ শ্বপচিয়ে ‘বিগ দেৱালী চেল’ আগবঢ়াই আকৌ এবাৰ আনন্দিত কৰিছে গ্ৰাহকসকলক
দেশৰ জনসাধাৰণৰ উৎসৱমুখৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰি দ্ৰুতগতিত বৃদ্ধি পোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচি বাই ফ্লিপকাৰ্টে চলিত মাহৰ ২৯ তাৰিখলৈকে অব্যাহত থাকিব লগা 'বিগ...
২০২৪ বৰ্ষৰ চিআইএফ গ্ল’বেল ইণ্ডিয়ান এৱাৰ্ডেৰে সন্মানিত সদগুৰু, কাবেৰী কলিঙৰ বাবে উচৰ্গা কৰিলে বঁটাৰ...
দেশৰ প্ৰথিতযশা যোগী, স্বপ্নদ্ৰষ্টা আৰু সমাজসেৱী তথা ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰুক কানাডা ইণ্ডিয়া ফাউণ্ডেচন(চিআইএফ)-এ ২০২৪ বৰ্ষৰ সন্মানীয় চিআইএফ গ্ল’বেল ইণ্ডিয়ান বঁটা প্ৰদান কৰিছে। এই...
অসমত ষ্টকহোল্ডিং ডিজিডক মুকলি: ডিজিটেল ডকুমেণ্ট মেনেজমেণ্টৰ বাবে এক গেম চেঞ্জাৰ
ডিজিটেল ৰূপান্তৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ষ্টক হোল্ডিং কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড(ষ্টকহল্ডিং)-এ অসমত মুকলি কৰিলে নিজৰ অভিনৱ প্লেটফৰ্ম ষ্টকহোল্ডিং ডিজিডক। মুখ্যমন্ত্রী ড০ হিমন্ত...