মমতা-মোডীৰ সংঘাতঃ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা অলপন বেনাৰ্জীলৈ কেন্দ্ৰীয় চৰকাৰৰ জাননী

97

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা সংঘাতৰ মাজতে কেন্দ্ৰীয় চৰকাৰে পুনৰ জাননী প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰামৰ্শদাতা অলপন বেনাৰ্জীলৈ। খবৰ অনুসৰি, অলপন বেনাৰ্জীলৈ প্ৰেৰণ কৰা নতুন জাননী খনত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ পালন নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সকিয়নী প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, পশ্চিমবংগত ভয়বহতাৰ সৃষ্টি কৰা ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মমতা বেনাৰ্জীৰ মাজৰ সাক্ষাতক লৈ বিতৰ্কৰ সূচনা হৈছিল। প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা বৈঠকত মমতা বেনাৰ্জীৰ বিপৰীতে উপস্থিত আছিল প্ৰাক্তন আইএএছ বিষয়া তথা বংগৰ মুখ্য সচিব অলপন বেনাৰ্জী।

এই সংঘাতৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অলপন বেনাৰ্জীক দিল্লীলৈ বদলি কৰে। কিন্তু মমতা বেনাৰ্জীৰ পৰামৰ্শমতে অলপন বেনাৰ্জীয়ে মুখ্য সচিব পদৰ পৰা অৱসৰ লৈ তৎকালীননভাৱে মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতাৰূপে দায়িত্ব গ্ৰহণ কৰে। যাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে অলপন বেনাৰ্জী। ইফালে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ বাবে ৩০ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অলপন বেনাৰ্জীক।