শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি হিমাচল প্ৰদেশত সংঘটিত দুটা পথ দুৰ্ঘটনাত ৬ জন লোক নিহত হোৱাৰ লগতে ৪ জন আহত হয়।
বৃহস্পতিবাৰে নিশা মণ্ডী জিলাৰ সুন্দৰনগৰ-কাৰছোগ পথৰ খুছালাৰ সমীপৰ গভীৰ খাৱৈত এখন বাহন বাগৰি পৰাত ৫জন লোক নিহত হোৱাৰ লগতে চাৰিজন আহত হয়।
কামৰুনাগ মন্দিৰ পৰিদৰ্শন কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।
প্ৰাথমিক তদন্তত আঙুলিয়াই দিয়া হৈছে যে চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আনহাতে আহত চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে।
নিহত সকলক সুন্দৰনগৰৰ বাসিন্দা লালা ৰাম (৫০), ৰূপ লাল (৫৫), সুনীল কুমাৰ (৩৫), গোবিন্দ ৰাম (৬০) আৰু মোহনা (৫৫) বুলি চিনাক্ত কৰা হৈছে।
আনটো দুৰ্ঘটনাত বৃহস্পতিবাৰে নিশা শিমলা জিলাৰ কুমাৰছাইন তহচিলৰ কুমাৰছাইন-কীৰ্তি লিংক ৰোডত বাহনখন খাৱৈত পৰি ৰাকেশ কুমাৰ (৩২)ৰ মৃত্যু হয়।
