মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল

65

ষ্টাফৰিপৰ্টাৰ, “অসম চিকিৎসা মহাবিদ্যালয় হস্পাতালত কৰা ২৬,৭০৮গৰাকী লোকৰ কৰ’না টেষ্টৰ ৩টা ৰিৰ্পট ভুলকৈ ওলাইছিল বুলি দেওবাৰে এখন সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়’ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যত ক’ৰনা সংক্ৰমনৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ শংকা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় “বিগত কৰ’না টেষ্টৰ পজিটিভ-নিগেটিভৰ খেলিমেলিক লৈও মন্তব্য প্ৰদান কৰে। লগতে ডাটা এন্ট্ৰি আপৰেটৰ গগণাৰ বাবে পজিটিভ-নিগেটিভৰ কিছু খেলিমেলি হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বৰ্তমানলৈ ৰাজ্যত কৰা কৰ’না টেষ্টত কিমানটা ভুল হৈছে সেই কথাও উল্লেখ কৰে। জে এম চি এইচত কৰা ৮৯,৫০৮গৰাকী লোকৰ কৰ’না টেষ্টৰ ভিতৰত ১টা ৰিৰ্পট ভুলকৈ ওলাইছিল।শিলচৰ মেডিকেল কলেজ হস্পাতালত কৰা ৩১,১২৫গৰাকী লোকৰ কৰ’না টেষ্টৰ। ইয়াৰ এটাও ৰিজাল্ট ভুলকৈ অহা নাই।
তেজপুৰ মেডিকেল কলেজ হস্পাতালত কৰা ৪১,১০৭গৰাকী লোকৰ কৰ’না টেষ্টৰ ১টা ৰিৰ্পট ভুলকৈ ওলাইছিল।বৰপেটা মেডিকেল কলেজ হস্পাতালত কৰা ৫১,৪৪৯গৰাকী লোকৰ কৰ’না টেষ্টৰএটাও ৰিজাল্ট ভুলকৈ অহা নাই। লাহোৱালত কৰা ৩৮,৬৪২গৰাকী লোকৰ কৰ’না টেষ্টৰ ৩টা ৰিৰ্পট ভুলকৈ ওলাইছিল। ডিফুত কৰা ৮,০০০গৰাকী লোকৰ কৰ’না টেষ্টৰ ৩টা ৰিৰ্পট ভুলকৈ আহিছিল বুলিও সংবাদমেল যোগে কয়।