মন্ত্ৰীয়েই নামানে কোভিড প্ৰট’কল! পাণবজাৰ থানাত এজাহাৰ দাখিল

59

তামুলপুৰঃ ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে। কোৰোনা মহামাৰীৰ আতংককো উপেক্ষা কৰি আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ। আনকি খোদ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়েই এতিয়া কোভিড প্ৰট’কল ভংগ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শুকুৰবাৰ অৰ্থাৎ ১৮ ছেপ্তেম্বৰত তামুলপুৰৰ গৰৈমাৰীত বিটিএডি নিৰ্বাচন কেন্দ্ৰিক এখন ৰাজহুৱা সভাত অংশ লৈছিল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই। হাজাৰ হাজাৰ লোক উপস্থিত থকা এই সভাত অংশ লোৱাৰ পিছতে শনিবাৰে পিয়ুষ হাজৰিকাৰ বিৰুদ্ধে গুৱাহাটীৰ পাণবজাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে তৰুণ দত্ত নামৰ এজন ব্যক্তিয়ে।

তৰুণ দত্তৰ অভিযোগ অনুসৰি, মন্ত্ৰী পিয়ুষ হাজৰিকাই কোভিড প্ৰট’কল ভংগ কৰি ৰাজহুৱা সভাত অংশ লোৱাৰ উপৰিও সভাত উপস্থিত থকা বহু লোকেই মাস্ক পৰিধান কৰা নাছিল। তাৰ ফলত তামুলপুৰত ভয়াবহ গণ সংক্ৰমণৰো আশংকা ব্যক্ত কৰে তৰুণ দত্ত নামৰ ব্যক্তিজনে।