ষ্টাফ ৰিপৰ্টাৰ: সাম্প্ৰতিক সময়ত কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ হলে একমাত্ৰ উপায় হ’ল সাবধনতা ৷ ইয়াৰ বাবেই মাস্ক, ছেনিটাইজাৰ, গ্লোভ’ছ অতিকৈ প্ৰয়োজন ৷ অতি জৰুৰী সেৱাত জড়িত ব্যক্তি সকলৰ দৰে সাংবাদিক সকলে নিজৰ জীৱনৰ কথা নাভাবি সংবাদ সংগ্ৰহত ব্যস্ত থাকে ৷ সেই সকল সাংবাদিকৰ কথা চিন্তা শনিবাৰে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে সাংবাদিক সকলৰ মাজত মাস্ক, ছেনিটাইজাৰ, গ্লোভ’ছ বিতৰণ কৰে ৷ মহানগৰীৰ পল্টনবজাৰত অনুষ্ঠিত এক অনুষ্ঠানত মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সভাপতি মৃগেন শৰনীয়াৰ উপস্থিতিত প্ৰায় শতাধিক সংবাদ কৰ্মী, সাংবাদিকৰ মাজত সামগ্ৰী সমুহ বিতৰণ কৰা হয় ৷ উল্লেখ্য সামাজিক দুৰত্ব বজাই ৰাখি আয়োজন কৰা অনুষ্ঠানত সম্পাদক ৰাজীব দাস, কাৰ্য্যকৰী সভাপতি দেৱশিষ সেনগুপ্ত, উপদেষ্টা শংকৰ চক্ৰৱৰ্তী, সদস্য ক্ৰমে যুৱৰাজ শৰ্মা, জয়ন্ত কলিতা, ফৰিয়াজ খান উপস্থিত থাকে ৷