মধ্য আকাশত যান্ত্ৰিক বিজুতি যাত্ৰীবাহী বিমানত, কৰাচীত জৰুৰী অৱতৰণ

70

ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা ডুবাই অভিমুখী স্পাইচজেটৰ এখন যাত্ৰীবাহী বিমান যান্ত্ৰিক সমস্যাৰ বাবে পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। জানিব পৰা মতে, বিমানখনৰ ভিতৰত থকা সকলো যাত্ৰী নিৰাপদে আছে। এই কথা সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে।

স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই এ এন আইক জনোৱা মতে, উৰণৰ কিছু সময়ৰ পিছতে এছ জি-১১ বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে। বিমানখন যেতিয়া আকাশৰ মাজত আছিল, তেতিয়া পাইলটসকলে তাৰ বাওঁফালে টেংকৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰে। অৱশ্যে মূল টেংকৰ পৰা ধোঁৱা ওলোৱা নাছিল।

পৰিস্থিতি ক্ৰমান্বয়ে ভয়ংকৰ হৈ পৰিল। দেখা যায় যে বিমানখনৰ ইন্ধন দ্ৰুতগতিত শেষ হৈ গৈ আছে। তাৰ পিছত জৰুৰীকালীন অৱতৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইণ্ডিকেটৰ লাইটৰ সমস্যা হোৱা বুলিও খবৰ পোৱা গৈছিল।

লগতে জানিব পৰা গৈছে যে বিমানখন অৱতৰণ কৰাত কোনো সমস্যা হোৱা নাই। ই মসৃণভাৱে অৱতৰণ কৰে। বিমানখনৰ পৰা নিৰাপদে যাত্ৰীসকলক বাহিৰলৈ লৈ অনা হয়। ইয়াৰ পিছতে বিকল্প বিমানেৰে যাত্ৰীসকলক কৰাচীৰ পৰা ডুবাইলৈ প্ৰেৰণ কৰা হয়।