মধ্যপ্ৰদেশ উপ নিৰ্বাচনঃ বিজেপি প্ৰাৰ্থী ইমৰাতী দেৱীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ

68

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশ বিধানসভাৰ উপ নিৰ্বাচনত ডবৰা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ইমাৰতী দেৱীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমলনাথ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে নিৰ্বাচন আয়োগে ২৪ ঘণ্টা নিৰ্বাচনী প্ৰচাৰ কৰিব নোৱাৰিব বুলি ইমাৰতী দেৱীৰ বিৰুদ্ধে নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে, কমলনাথৰ ‘আইটেম’ বোলা মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ইমাৰতী দেৱীয়ে প্ৰচাৰ সভাত কমলনাথৰ ভগ্নী, পত্নী আৰু মাতৃক বাঙালৰ আইটেম বুলি অভিহিত কৰিছিল। ইয়াৰোপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মদাহী, নষ্ট চৰিত্ৰৰ, পাগল আদি অপশব্দৰ প্ৰয়োগ কৰিও আক্ৰমণ কৰিছিল বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।

তাৰ পিছতে কংগ্ৰেছে ইমাৰতী দেৱীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰে আৰু আয়োগে বিজেপি প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰে। আনহাতে কমলনাথৰ ‘আইটেম’ বোলা বিতৰ্কিত মন্তব্যৰ বাবে নিৰ্বাচনৰ ষ্টাৰ প্ৰচাৰকৰ তালিকাৰ পৰা কমলনাথৰ নাম কৰ্তন কৰাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে।