মদ খাই অশান্তি বিয়পাইছিল পুত্ৰই, অতীষ্ঠ হৈ ত্ৰিশূলেৰে পিতৃয়ে কৰিলে হত্যা

88

অধিক মদ্যপান কৰি ঘৰত অশান্তি সৃষ্টি কৰি থকাৰ বাবেই ত্ৰিশূলেৰে হানি খুচি পিতৃয়ে হত্যা কৰিলে পুত্ৰক। দক্ষিণ কামৰূপৰ পলাশবাৰীত সংঘটিত এই ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দেওবাৰে নিশা পলাশবাৰীৰ দখলাৰ মনোজ শৰ্মা নামৰ ২২ বৰ্ষীয় যুৱকজনে মদ্যপান কৰি ঘৰলৈ উভতিছিল। ঘৰত যুৱকজনে মদৰ নিচাত অশান্তিৰ সৃষ্টি কৰাত অতীষ্ঠ হৈ পৰে পিতৃ পবিত্ৰ শৰ্মা। যাৰ পৰিণতিত চোতালতে থকা শিৱ মন্দিৰৰ ত্ৰিশূলেৰে পুত্ৰৰ পেটত আক্ৰমণ কৰে পিতৃয়ে। ঘটনাত গুৰুতৰভাৱে আহত হয় পুত্ৰ মনোজ শৰ্মা।