মদ্যপান কৰি ছাত্ৰীক অশালীন ব্যৱহাৰৰ ঘটনা

117

প্ৰসংগ- মদ্যপান কৰি ছাত্ৰীক অশালীন ব্যৱহাৰৰ ঘটনা।
শুৱাগপুৰ আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ।

গোৰেশ্বৰৰ বাঙালীপাৰা উপৰসুতিৰ অভিযুক্ত এগৰাকী শিক্ষকৰ ওপৰত উত্থাপিত হোৱা অভিযোগ মিছা বুলি শুৱাগপুৰ আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে।

ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে সাবাস্ত কৰে এই প্ৰতিবাদ।

অভিযুক্ত শিক্ষক তিলক অলিৰ মুক্তিৰ দাবীত প্ৰতিবাদ একাংশ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ।

অভিযুক্ত শিক্ষক তিলক অলিয়ে মদ্যপান কৰি এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ মিছা বুলি প্ৰতিবাদ একাংশ ছাত্ৰ ছাত্ৰীৰ।

উল্লেখযোগ্য যে গোৰেশ্বৰৰ বাঙালীপাৰা উপৰসুতিৰ ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে মদ্যপান কৰি এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত ভুক্তভোগী ছাত্ৰী গৰাকীৰ মাতৃয়ে শুৱাগপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল।সেই এজাহাৰৰ ভিত্তিত শুৱাগপুৰ আৰক্ষীয়ে অভিযুক্ত শিক্ষক তিলক আলিক আটক কৰিছিল।তিলক আলিক আটক কৰাৰ পিছতেই গোৰ্খা ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত বিদ্যালয় খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে আজি শুৱাগপুৰ আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ ছাত্ৰী সকলে বাইহাটা চাৰিআলি-গোৰেশ্বৰ- বাঙালীপাৰা ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।