মণীষা বাল্মিকীৰ নহয়, এতিয়া ছ’চিয়েল মিডিয়াত ন্যায় বিচাৰি প্ৰচাৰ কৰা হৈছে মণীষা যাদৱৰহে ফটো

84

ডিজিটেল ডেস্কঃ ২৯ ছেপ্তেম্বৰত মৃত্যুক আঁকোৱালি ল’লে হাথৰসত গণ ধৰ্ষণৰ বলি হোৱা মণীষা বাল্মিকী নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীয়ে। পোহনীয়া জন্তুৰ বাবে খাদ্য আনিবলৈ যোৱাৰ সময়ত ১৪ ছেপ্তেম্বৰত ৪ পাষণ্ডৰ কামনাৰ বলি হোৱা মণীষাৰ কাটি পেলোৱা হৈছিল জিভা, ভাগি পেলোৱা হৈছিল ডিঙিৰ হাড়। মৃতপ্ৰায় অৱস্থাত আলীগড় হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও ২৯ ছেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিলে মণীষা বাল্মিকীয়ে।

হাথৰসৰ এই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে দেশজুৰি এতিয়া ক্ষোভৰ উদগীৰণ ঘটিছে। #justiceForManisha হেছটেগেৰে ন্যায় বিচৰা হৈছে মণীষাৰ বাবে। কিন্তু ছ’চিয়েল মিডিয়াত মণীষাৰ বাবে ন্যায় বিচাৰি যিখন ফটো ব্যৱহাৰ কৰা হৈছে, সেইখন আচলতে হাথৰসৰ নিৰ্যাতিতা মণীষা বাল্মিকীৰ ফটো নহয়!

ছ’চিয়েল মিডিয়াৰ লগতে বহু সংবাদ মাধ্যমে ব্যৱহাৰ কৰা ভাইৰেল হৈ পৰা ফটোখন প্ৰকৃততে হৈছে চণ্ডীগড়ৰ মণীষা যাদৱ নামৰ যুৱতীগৰাকীৰ। যিগৰাকী মণীষাৰ ২০১৮ চনৰ ২২ জুলাইত বিবাহৰ মাত্ৰ এমাহ পিছতে মৃত্যু ঘটিছিল। মৃত্যুৰ কাৰণ আছিল পেটৰ ষ্টোন। সেইগৰাকী মণীষাৰ মৃত্যুৰ দুবছৰ পিছত এইবাৰ মণীষা বাল্মিকীৰ ফটো বুলি ভাইৰেল কৰা হৈছে। ইতিমধ্যে মণীষা যাদৱৰ পিতৃ মনোহৰলাল যাদৱে অভিযোগ কৰিছে যে তেওঁৰ কন্যাৰ ফটোখন পুনৰ ভাইৰেল হোৱাৰ পিছত এতিয়া তেওঁলোকৰ পৰিয়ালটো বিভিন্ন সামাজিক সমস্যাৰ সন্মুখীন হ’বলগা হৈছে।

আইন অনুসৰি, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৪৯ৰ ১নং অনুচ্ছেদ অনুসৰি যদি কোনো মৃত ব্যক্তিৰ ফটো উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰি ব্যক্তিজনৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ প্ৰয়াস কৰা হয়, তেন্তে তেনে লোকক ২ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হ’ব পাৰে। লগতে বিহা হ’ব পাৰে জৰিমণাও। গতিকে আপুনিও যদি এতিয়া মণীষা বাল্মিকীৰ বুলি মণীষা যাদৱৰ ফটো শ্বেয়াৰ কৰি ন্যায়ৰ দাবী তুলিছে, তেন্তে আপোনাৰো এতিয়া সাৱধান হোৱাৰ সময়।

হাথৰসত গণধৰ্ষণৰ বলি হোৱা মণীষা বাল্মিকীৰ ন্যায় বিচাৰি এতিয়া চ’চিয়েল মিডিয়াত চলিছে কেম্পেইন। #justiceForManisha ৰে দেশবাসীয়ে