বাইডেন প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত চৰম আক্ৰমণৰ ভিডিঅ’ দেখি আমেৰিকাই “হতভম্ব আৰু আতংকিত” হৈছে আৰু তেওঁলোকৰ বাবে ন্যায় বিচাৰি ভাৰত চৰকাৰে কৰা প্ৰচেষ্টাক সমৰ্থন কৰিছে।
যোৱা ৪ মে’ত কাংপকপি জিলাত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰি পুৰুষৰ দলে নিৰ্যাতন চলোৱাৰ ভিডিঅ’টো ১৯ জুলাইত প্ৰকাশ পাইছিল আৰু দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
ইয়াৰ পিছতে আমেৰিকাইও এই ঘটনাক তীব্ৰ নিন্দা কৰি কয়, ‘মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত এই চৰম আক্ৰমণৰ ভিডিঅ’ দেখি আমি স্তম্ভিত আৰু আতংকিত হৈ পৰিলোঁ। লিংগভিত্তিক হিংসাৰ এই কাৰ্য্যৰ পৰা ৰক্ষা পোৱা লোকসকলৰ প্ৰতি আমি গভীৰ সহানুভূতি প্ৰকাশ কৰিছো আৰু তেওঁলোকৰ বাবে ন্যায় বিচাৰি ভাৰত চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন জনাইছো।’
মঙলবাৰে ৰাষ্ট্ৰ বিভাগৰ উপ-মুখপাত্ৰ বেদান্ত পেটেলে দৈনিক সংবাদমেলত এইদৰে কয়।
পেটেলে কয়, ‘আমি মণিপুৰৰ হিংসাৰ শান্তিপূৰ্ণ আৰু সৰ্বাংগীন সমাধানক উৎসাহিত কৰোঁ আৰু মানৱীয় প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই সকলো গোটৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ কৰ্তৃপক্ষক উৎসাহিত কৰোঁ।”
