মণিপুৰত শ্বহীদ অসম সন্তান সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আজি অনা হব স্বগৃহলৈ

106

মণিপুৰত শনিবাৰে সংঘৰ্ষত শ্বহীদ হোৱা জোৱানসকলৰ মাজৰ এজন সুমন স্বৰ্গীয়াৰীৰ মৃতদেহ আজি ঘৰলৈ অনা হ’ব। সুমন স্বৰ্গীয়াৰীৰ ঘৰ বাক্সা জিলাৰ থৈকৰাকুচি গাঁৱত।

২০১১ চনত তেওঁ অসম ৰাইফলছত যোগদান কৰিছিল। মণিপুৰত কালি সংঘটিত দুৰ্ভাগ্যজনক আক্ৰমণত নিহত সাতজনৰ ভিতৰত তেৱোঁ আছিল। সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন ভাৰতীয় সেনাৰ কৰ্ণেল, তেওঁৰ পৰিয়াল দুজন সদস্য আৰু আন তিনিজন জোৱান শ্বহীদ হয়।

৩৩ বছৰ বয়সত শ্বহীদ হোৱা সুমন স্বৰ্গীয়াৰীয়ে তেওঁৰ পত্নী জুৰি স্বৰ্গিয়াৰী আৰু তিনি বছৰীয়া পুত্ৰ বাৰদ স্বৰ্গিয়াৰীক এৰি থৈ গৈছে।

লক্ষণীয়ভাৱে, সুমনৰ দেউতাক কনক স্বৰ্গিয়াৰীকো সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। খবৰ অনুসৰি সন্ত্ৰাসবাদীয়ে তেওঁৰ বাসগৃহত তেওঁৰ ওপৰত গুলী চালনা কৰিছিল।