মণিপুৰত অমিত শ্বাহৰ সকিয়নীৰ পিছতে ১৪০টাকৈ অস্ত্ৰ সম্বৰণ

1483

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য ভ্ৰমণৰ সময়ত কঠোৰ সতৰ্কবাণী জাৰি কৰাৰ পাছত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন স্থানত ১৪০টাকৈ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰা হৈছে বুলি মণিপুৰ আৰক্ষীয়ে উল্লেখ কৰিছে।

আত্মসমৰ্পণ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে এছ এল আৰ ২৯, কাৰ্বাইন, এ কে, ইনছাছ ৰাইফল, ইনছাছ এল এম জি, .৩০৩ ৰাইফল, ৯ এম এম পিষ্টল, .৩২ পিষ্টল, এম ১৬ ৰাইফল, ধোঁৱা গান আৰু কন্দুৱা গেছ, স্থানীয় নিৰ্মিত পিষ্টল, ষ্টেন গান, মডিফাইড ৰাইফল, জে ভি পি আৰু… এটা গ্ৰেনেড লঞ্চাৰ বুলি মণিপুৰ আৰক্ষীয়ে জনায়।

চাৰিদিনীয়া মণিপুৰ ভ্ৰমণৰ অন্তিম দিনা অমিত শ্বাহে সংবাদমেল সম্বোধন কৰি ৰাজ্যত শান্তি নিশ্চিত কৰাৰ স্বাৰ্থত দুষ্কৃতিকাৰীক অস্ত্ৰ-শস্ত্ৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিবলৈ কঠোৰ সকীয়াই দিয়ে। শুকুৰবাৰৰ পৰা আৰক্ষীয়ে চলাবলগীয়া কম্বিং অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ থকা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।

শ্বাহে শান্তি সমিতি গঠন আৰু হিংসাত্মক ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। মণিপুৰৰ জাতিগত হিংসাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ নেতৃত্বত এটা পেনেলৰ দায়িত্ব দিয়া হ’ব।

ইফালে মণিপুৰ আৰক্ষীৰ মুৰব্বী পি ডৌংগেলক পদৰ পৰা অপসাৰণ কৰি গৃহ বিভাগলৈ বদলি কৰা হয়। ত্ৰিপুৰা কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰাজীৱ সিঙক উত্তৰ-পূব ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে, মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সহযোগিতামূলক প্ৰচেষ্টাত হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ১০ লাখ টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।