মঙ্গলদৈত আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাৰ আৰম্ভ

75

অসম ভলীবল সন্থাৰ তত্বাৱধানত, মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু আউলাচৌকা টাইগাৰ ফৰ্চৰ ব্যৱস্থাপনাত শুকুৰবাৰৰ পৰা তিনি দিনীয়াকৈ পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভৈৰৱ চন্দ্ৰ শৰ্মা আৰু পখিলা দেৱী সোঁৱৰণী ক্ষেত্ৰত ৫৭ সংখ্যক চিনিয়ৰ আন্তঃ জিলা (পুৰুষ – মহিলা) ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

প্ৰচাৰ উপসমিতিৰ সভাপতি গণেশ দত্ত, সম্পাদক অঞ্জন কুমাৰ নাথ, মৃণাল শৰ্মাই জনোৱা মতে, মুঠ দহ লাখ টকা ব্যয় কৰা হৈছে এই প্ৰতিযোগিতাৰ নামত। প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ৫ টা পুৰুষ-মহিলাৰ দলে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাখনৰ বাবে চাৰিখন ক’ৰ্ট সাজু কৰি তোলা হৈছে।