মই পৰা হ’লে লাভলীনাক উপায়ুক্ত পদত নিযুক্তি দিলোঁহেঁতেনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

99

গুৱাহাটীঃ ‘লাভলীনাক মই পৰা হ’লে উপায়ুক্ত পদত নিযুক্তি দিলোহেঁতেন।’ – এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৃহস্পতিবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষ্যে অনুষ্ঠিত সভাত টকিঅ’ অলিম্পিকত পদক জয়ৰে অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোঁহাই সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ধিং এক্সপ্ৰেছখ্যাত হিমা দাসক ডিএছপি পদত নিযুক্তি প্ৰদানৰ পিছত ছ’চিয়েল মিডিয়াত হোৱা চৰ্চা সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে লাভলীনা-হিমাৰ দৰে এথেলিটক যিমান দিলেও কম হব। তেওঁলোকে অসমৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে। পি ভি সিন্ধুকো ভাল পদবী প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মই যদি পাৰিলো হেঁতেন তেন্তে লাভলীনাক উপায়ুক্ত পদত নিযুক্তি দিলোঁহেঁতেন। আমি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰি তুলিব লাগিব।’

ইফালে আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ অধিকাংশ বিধায়কৰ শৰীৰটোহে কংগ্ৰেছৰ সৈতে আছে, কিন্তু মনটো বিজেপিৰ সৈতে আছে। তেওঁলোকে বিজেপিলৈ আহিব বিচাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। আনহাতে অসম-মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে যদি অসম আৰু মিজোৰামে যৌথ সিদ্ধান্ত লৈ যে সীমাত আৰু সুৰক্ষা বল স্থাপন নকৰো বুলি তেতিয়া স্থায়ী শান্তি সম্ভৱ হ’ব।