মই ওৰে নিশা শুব পৰা নাইঃ ৰাজ্যসভাৰ উপাধ্যক্ষলৈ কালৈ লিখিলে আবেগিক পত্ৰ

73

ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুক আবেগিক পত্ৰ লিখি ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে কয় যে তেওঁ ওৰে নিশা শুব পৰা নাই৷ সোমবাৰে ৰাজ্যসভাৰ পৰা নিলম্বিত ৮ সাংসদে ওৰে নিশা অনশনত বহে৷ বৰ্তমানেও অনশনত বহি আছে৷ তেনে সময়তে ইপিনে আজি পুৱাৰ পৰা অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ কাৰ্যপ্ৰণালীত অংশ নলৈ ৰাজ্যসভা বহিস্কাৰ কৰে বিৰোধীদলসমূহে৷ তাৰ মাজতে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে ২৪ ঘণ্টা উপবাসে থকাৰ ঘোষণা কৰিছে৷ উপ-ৰাষ্ট্ৰপতি ভেকয়া নাইডুক এখন পত্ৰ লিখি নিজ বেদনা ব্যক্ত কৰি কয় যে ২৪ ঘণ্টা উপবাসে থাকিম৷

আজি পুৱাৰ পৰা কাইলৈ পুৱালৈ উপবাসে থাকিব উপাধ্যক্ষই৷ কিন্তু তেনে সময়ত ৰাজ্যসভাৰ কাম-কাজ অব্যাহত ৰাখিব উপাধ্যক্ষই৷ আনহাতে আজি পুৱাই উপাধ্যক্ষগৰাকীয়ে অনশনত বহি থকা ৮ সাংসদৰ বাবে চাহ লৈ গৈছিল যদিও সাংসদসকলে চাহ খাবলৈ মান্তি নহল৷ দেশৰ বিৰোধী দলসমূহে ৰাজ্যসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে৷ ৰাজ্যসভাৰ ‘হাউচ বুক’ৰ নীতি-নিৰ্দেশনা উলাংঘা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধান বিৰোধী কংগ্ৰেছ, তৃণমূল কমগ্ৰেছ, আৰজেডিসহ ১২ বিৰোধী দলে ৰাজ্যসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে৷ মুঠ ১২টা ৰাজনৈতি দলে এই অনাস্থা প্ৰস্তাৱ আনি সংসদীয় গণতান্ত্ৰিত নীতিক ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰে উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ বিৰুদ্ধে৷

কেন্দ্ৰীয় চৰকাৰে কৃষি বিধেয়ক উত্থাপন কৰিবলৈ সদনৰ কাৰ্য সময় বৃদ্ধি কৰিছিল৷ কিন্তু বিৰোধীয়ে কোনো আলোচনা নকৰাকৈয়ে সময় বৃদ্ধি কৰাত প্ৰশ্ন উত্থাপন কৰে৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী উপস্থিত থাকি বিৰোধীৰ প্ৰশ্ন উত্তৰ দি থকাৰ সময়তে কংগ্ৰেছ আৰু তৃণমূলৰ সাংসদসকলে ব্যাপক হৈ-হাল্লা কৰে৷
ইমানে নহয় একাংশ সাংসদে উপাধ্যক্ষৰ চকীৰ ওচৰলৈ গৈ মাইক টনা-আজোৰাৰ কৰাৰ লগতে ‘হাউচ বুক’ ফালি পেলাই তৃণমূলৰ সাংসদ ডিৰেক অব্ৰিয়ানে৷ ৰাজ্যসভাৰ ‘হাউচ বুক’ হাতত লৈ হাউচ বুকত থকা নিৰ্দেশনা দেখুৱাবলৈ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ ওচৰ চাপে৷ ৰাজ্যসভাৰ দিনটোৰ সময় সমাপ্ত হোৱাৰ পিছতো বিৰোধীৰ সৈতে আলোচনা নকৰাকৈ সময় বৃদ্ধি কৰাত হৈ-হাল্লা হয়৷ কৃষকে ৰাজপথত বিদ্ৰোহ কৰি থকাৰ মাজতে ৰাজ্যসভাত দুখনকৈ কৃষি বিষয়ক বিধেয়ক ৰাজ্যসভাত গৃহীত হয় দেওবাৰে৷