এতিয়াও জীয়াই আছে ইউটিউবাৰ ছানিয়া আখটাৰা। দৰঙৰ দলগাৱত সংঘটিত পথ দুৰ্ঘটনাত ইউটিউবাৰ ছানিয়া আখতাৰৰো মৃত্যু ঘটা বুলি কেইবাটাও সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছিল। কিন্তু শেহতীয়াকৈ ছানিয়াৰ পৰিয়াল আৰু খোদ ছানিয়াই তেওঁৰ মৃত্যুৰ ভুৱা বাতৰিক লৈ দুখ প্ৰকাশ কৰি কয়,”মই এতিয়াও জীয়াই আছো।”
উল্লেখ্য যে, দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰীত সংঘটিত দুৰ্ঘটনাটোত ৫ জন লোক নিহত হোৱাৰ লগতে ৩ জন গুৰুত্বৰভাৱে আহত হৈছিল। মঙ্গলদৈ অভিমুখে গৈ থকা ছুইফ্ট ডিজিয়েৰ গাড়ীখনত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হয়।
সূত্ৰ অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত পাঁচজন ব্যক্তিয়ে এটা ইউটিউব ভিডিঅ’ শ্বুটিং কৰি ঘৰলৈ উভতিছিল। আহতসকলক প্ৰথমে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল আৰু পিছত তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (জিএমচিএইচ) স্থানান্তৰ কৰা হৈছিল।
