ঋতু পৰ্ণ শৰ্মা,নগাঁও: বিশ্বৰ শৰীৰত একোটা জাতি বৰ্তি থাকিবলৈ হ’লে সেই জাতিৰ ভাষা-সাহিত্য-সংস্কৃতি, সামাজিক স্থিতি সবল হ’ব লাগিব ৷ জাতিৰ প্ৰতিগৰাকী লোকৰ মাজতে থাকিব লাগিব মাতৃভাষা প্ৰীতি ৷ মাতৃভাষা প্ৰীতি তেতিয়া বাঢ়িব, যেতিয়া সেই ভাষাত প্ৰচুৰ পৰিমাণে উন্নত সাহিত্যৰ সৃষ্টি হ’ব। আনহাতে ভাষাটো চৰ্চা হৈ থাকিবলৈ বিদ্যালয়, অফিচ-কাছাৰী আৰু সামাজিক জীৱনত মাতৃভাষা মাধ্যমতে মাত-কথাবোৰ প্ৰচলন হৈ থাকিব লাগিব ৷ জাতিৰ সম্পৰ্কত থকা সকলো সম্প্ৰদায়, উপ-জাতিৰ মাজত ভাষিক সংমিশ্ৰণ তথা জ্ঞান অৰ্জনৰ বিষয়বোৰো হ’ব লাগিব মাতৃভাষা মাধ্যমত ৷ অসমীয়া ভাষালৈ বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে সংকট আহিছে ৷ এই সংকট অসমীয়াৰ নিজৰ দোষতো আহিছে বুলিব পাৰি ৷
এফালৰ পৰা চাবলৈ গ’লে অসমীয়া ভাষাৰ বিকাশ আৰু উন্নতিত প্ৰধান প্ৰতিবন্ধক অসমীয়া বুলিবও পাৰি ৷ উদাহৰণ স্বৰূপে (ক)আধুনিক শিক্ষাৰ প্ৰতি আগ্ৰহী তথা শিক্ষিত চামটোৱে অসমীয়া ভাষাৰ প্ৰতি প্ৰদৰ্শন কৰা উদাসীন মনোভাৱ । (খ)মাতৃভাষাৰ প্ৰতি কৰা অবহেলা আৰু তাচ্চিল্য । (গ) মেলামুখী অধিৱেশন, ৰাজপথৰ আন্দোলন,চাইব’ৰ্ডত ক’লা ৰং সনা, টি ভিৰ টক শ্ব’ পাতি থকাতকৈ ভাষাৰ স্বাস্থ্যৰ বাবে প্ৰত্যক্ষভাৱে কৰিবলগা বহু কাম থাকে ৷
তেনে এক উদ্দেশ্যৰে সামাজিক-সাংস্কৃতিক-ইতিহাসমূলক সাময়িকী ”সভ্যতা” আৰু আধুনিক অসমীয়া সাপ্তাহিক কাকত ”কলংপাৰ”-য়ে ভৱিষ্যতৰ পাঠকৰ সন্ধানত তথা তেওঁলোকক অসমীয়াত ৰচনা হোৱা শিশু- সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে ”গ্ৰাম্য শিশু গ্ৰন্থ-উৎসৱ” আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অসমৰ নগৰ-চহৰ অঞ্চলৰ প্ৰান্তীয় গাঁওবোৰত এতিয়াও বহু শিশুৱে বুঢ়ী আইৰ সাধু, ককা দেউতাৰ নাতী ল’ৰা, ৰাজকুমাৰীৰ সাধু, ৰাজকোঁৱৰৰ সাধু, ঈশ্বপৰ সাধু, বীৰবলৰ সাধু, জ্ঞান-বিজ্ঞানৰ বিভিন্ন কিতাপ, সঁফুৰা, মৌচাক, নতুন আৱিষ্কাৰ, ৰংমন আদি শিশু উপযোগী কিতাপ-আলোচনীসমূহ হাতেৰে চুই চাবলৈ পোৱা নাই ৷ তদুপৰি সেইসকল শিশুৰ অভিভাৱকসল আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবেও নিজৰ সন্তানক এখন কিতাপ তথা শিক্ষাৰ উপযুক্ত সঁজুলি যোগান ধৰিব পৰা নাই ৷
ফলত সেইসকল শিশুৱে পাঠ্যক্ৰমৰ বাহিৰে মাতৃভাষাত লিখা অন্য কিতাপ- পত্ৰবোৰৰ পৰা আজিও বঞ্চিত হৈ আছে ৷ এনেদৰেই একোটা স্তৰত অসমীয়া ভাষাৰ উপযুক্ত বিকাশ নোহোৱাকৈ থকাৰ অনুমান কৰিব পাৰি ৷ “সভ্যতা” আৰু “কলংপাৰ” য়ে ইতিমধ্যে নগাঁও জিলাৰ মিকিৰ-বামুণী গাঁও, বৰলালুং গাঁও, চাপানালা চাহ বাগিচা গাঁও আৰু নগৰবেৰাৰ ৩নং টুপামাৰীত ”গ্ৰাম্য শিশু গ্ৰন্থ-উৎসৱ আৰু শিক্ষণ- সঁজুলি বিতৰণ” অনুষ্ঠিত কৰাৰ উপৰিও ৰবিবাৰে কিলিং নেপালী গাঁও, বালিজুৰি, চাপানলাত আয়োজন কৰা হয় ৷
উক্ত গ্ৰাম্য শিশু গ্ৰন্থ উৎসৱত প্ৰায় অৰ্ধ শতাধিক শিশুৰ মাজত শিশু গ্ৰন্থ আৰু শিকন সঁজুলি বিতৰণ কৰাৰ উপৰি সেই অঞ্চলৰ অভিভাৱক আৰু শিশু তথা “সভ্যতা”, “কলংপাৰ”ৰ সদস্য সকল মিলি লগে-ভাগে এসাঁজ খোৱা হয় । উদ্দেশ্য তেওঁলোকৰ লগত এক আন্তৰিক সম্পৰ্ক গঢ়ি তোলা আৰু তেওঁলোক যে আমাৰ পৰা পৃথক নহয় সেয়া বুজি উঠা আৰু আত্মীয়তা গঢ়ি তোলা ৷ সমাজত জাত-পাত,উচ্চ-নীচ এই বিষয়বোৰেও বিভিন্ন সময়ত বৈষম্যৰ সৃষ্টি কৰি আহিছে ৷ সেই সকল শিশুও আগবাঢ়ি যাওক আমাৰ শিশুৰ দৰে—সকলো শিশুৱেই কিতাপৰ মনোৰম জগতখনত বিচৰণ কৰক ৷
গ্ৰাম্য শিশু গ্ৰন্থ-উৎসৱৰ প্ৰতি ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু চুটি ছবি নিৰ্মাতা পাৰ্থজিৎ বৰুৱা, ব্যৱসায়ী পৰেশ দুৱৰা আৰু তেওঁৰ পৰিয়াল, বিজ্ঞান মনস্ক ফেছবুক গোটৰ হামজা চৌধুৰী, ৰেখামণি গোস্বামী, নয়নজ্যোতি ভূঞা, সমাজকৰ্মী ঈষাণ কোচ ৰাজবংশী, পিয়াংকু শৰ্মা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাগজ্যোতিষ বনিয়া, “সভ্যতা”ৰ সম্পাদক বিপ্লৱজ্যোতি ভূঞা, “কলংপাৰ”ৰ মুখ্য সম্পাদক গুৰমাইল সিং, ছাত্ৰনেতা মনোজ সিংহ ৰাজা, সমাজকৰ্মী মনালিছা ভাগৱতী, প্ৰবাল শৰ্মা, “বহু-আনন্দ প্ৰকাশন”ৰ প্ৰত্যুষ ৰঞ্জন ভাগৱতী আদিয়ে সহযোগিতা আগবঢ়ায় ৷
প্ৰতিগৰাকী অসমীয়াৰ সহযোগত পৰ্যায়ক্ৰমে অসমৰ প্ৰতিখন গাঁৱত “সভ্যতা” আৰু “কলংপাৰ”ৰ ”শিশু গ্ৰাম্য গ্ৰন্থ-উৎসৱ”ৰ আয়োজন কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে ৷ ভৱিষ্যতলৈ “সভ্যতা” আৰু “বহু-আনন্দ প্ৰকাশন”ৰ পৰা শিশু উপযোগী শিশু-সাহিত্য প্ৰকাশ কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে ৷ ভৱিষ্যতৰ পাঠকসকলক কিতাপ পঢ়াৰ এক পৰিৱেশ প্ৰদান কৰাৰ উদ্দেশ্যৰে প্ৰতিগৰাকী অসমীয়াই এই অভিযানত অংশগ্ৰহণ কৰা প্ৰয়োজন ৷
