ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন শ্ৰমিক, আহত কেইবাজনো

153

বোকাজানত বুধবাৰে সংঘটিত এক বৃহৎ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়।

প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ বোকাজানৰ বালিপথাৰত শ্ৰমিকক কঢ়িয়াই নিয়া এখন পিকআপ বাহন দুৰ্ঘটনাত পতিত হয়।

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত নিয়োজিত ৯ জন শ্ৰমিক কঢ়িয়াই অনা টাটা ডি আই পিকআপ বাহনখনে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে, গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মৰাৰ ফলত এজনৰ মৃত্যু হয়।

গুৱাহাটীৰ পৰা নাগালেণ্ডৰ ডিমাপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় শ্ৰমিক কেইজন।

নিহত শ্ৰমিকজন কামৰূপ জিলাৰ ছয়গাঁৱৰ বাসিন্দা জেহৰুল ইছলাম বুলি জানিব পৰা গৈছে।

এই ঘটনাত আহত আন কেইবাজনো লোকক ততাতৈয়াকৈ বোকাজানৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ ঠিক পিছতেই বাহনখনৰ চালকজন পলায়ন কৰে আৰু এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই।