ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত CIDৰ সঞ্চালকপ্ৰধান, পত্নীৰ মৃত্যু

72

ৰাজস্থানত তেলেংগানাৰ চিআইডিৰ সঞ্চালকপ্ৰধানৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

দুৰ্ঘটনাত মৃত্যু সঞ্চালকপ্ৰধানৰ পত্নীৰ।

আনহাতে গুৰুতৰভাৱে আহত হৈছে ডিজিপি গোবিন্দ সিং, তেওঁৰ পিএছঅ’ আৰু চালকজন।

মন্দিৰ দৰ্শন কৰি তেওঁলোকে ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, সোমবাৰে তেলেংগানাৰ চিআইডিৰ সঞ্চালকপ্ৰধান গোবিন্দ সিং, তেওঁৰ পত্নী শীলা সিং, এজন সহায়ক আৰু চালকজনে এছইউভি বাহনেৰে জয়ছলমেৰ জিলাৰ তনোট মাতা মন্দিৰ দৰ্শন কৰি উভতিছিল।

তেওঁলোকে তেওঁলোকে তনোট-ৰামগড় পথেৰে আহি থকা সময়তে ৰামগড়ৰ সমীপত তেওঁলোকৰ গাড়ীৰ এটা টায়াৰ বিস্ফোৰণ ঘটি নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

যাৰ ফলত বাহনখন পথৰ ওপৰতে লুটি খাই পৰাত চিআইডিৰ সঞ্চালকপ্ৰধানৰ পত্নী শীলা সিং (৫০)ৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আইপিএছ গোবিন্দ সিং, তেওঁৰ সহায়ক আৰু চালকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত হাস্পতাললৈ প্ৰেৰণ কৰে।