ভয়ংকৰ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰে ৮ গৰাকীয়ে হেৰুৱালে প্ৰাণ

62

ৰাজস্থানৰ টংকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। একেটা পৰিয়ালৰ ৮জন লোকে প্ৰাণ হেৰুৱালে। মৃত আটাইকেইজন লোক মধ্যপ্ৰদেশৰ।

বুধবাৰে পুৱতি নিশা ছিকৰ জিলাৰ খাটু শ্যামজীৰ পৰা ভ্ৰমণ কৰি উভতিছিল মৃত লোককেইজন।

লোককেইজনে যাত্ৰা কৰা বাহনখনত ট্ৰেইলাৰ বাহন এখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত যাত্ৰীবাহী বাহনখনত থকা এটা পৰিয়ালৰ ৮ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱায়।

ঘটনাস্থলীৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় ছাদত হাস্পতাললৈ প্ৰেৰণ কৰে।

ইফালে আহত ৪ গৰাকী যাত্ৰীক জয়পুৰলৈ প্ৰেৰণ কৰা হয়। আহত লোককেইজনৰ নাম ক্ৰমে- বিনোদ, সৰিতা, দিলীপ আৰু দক্ষ। দুৰ্ঘটনাস্থলীত আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত হৈ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সমবেদনা জ্ঞাপন কৰে।