ভয়ংকৰ গৰাখহনীয়াৰ কবলত দলগাঁও সমষ্টিৰ খেৰনী চাপৰি গাঁৱৰ ৰাইজ

268

ভয়ংকৰ গৰাখহনীয়াৰ কবলত দলগাঁও সমষ্টিৰ খেৰনী চাপৰি গাঁৱৰ ৰাইজ ৷

ৰাজ্যত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দলগাঁৱৰ খেৰনী চাপৰিৰ মাজেৰে পাৰ হৈ যোৱা ধনশ্ৰী নৈৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷

যাৰ ফলত ধনশ্ৰী নৈৰ বুকত জাহ গৈছে কৃষকৰ কৃষি ভূমিৰ লগতে একাংশৰ সপোনৰ ঘৰ-বাৰী ৷

ইতিমধ্যে ধনশ্ৰী নৈৰ গৰাখহনীয়াৰ ফলত ১০০ বিঘাৰো অধিক কৃষি ভূমিৰ লগতে ৩০ ৰো অধিক পৰিয়ালৰ ঘৰবাৰী জাহ গৈছে নৈখনত ৷

গাঁও খনৰ বহু পৰায়ালে ইতিমধ্যে নিজৰ ঘৰখন গৰাখহনীয়াৰ পৰা বচাই নিৰাপদ স্থানলৈ লৈ গৈছে ৷

নৈ খনৰ পৰা মাত্ৰ কিছু নিলগত আছে এখন প্ৰাথমিক বিদ্যালয়৷

অচিৰেই যদি বিভাগীয় কৰ্তৃপক্ষ তথা দৰং জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে এই প্ৰাথমিক বিদ্যালয় খন সপ্তাহৰ ভিতৰতেই এই খন নৈত জাহ যাব ৷

অচিৰেই গাঁও খনৰ সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানক অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷