ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যেৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা”

326

ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যেৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা”৷এক অসম গঢ়াৰ সংকল্প সাৰ্থক কৰিবলৈ অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে এক অসম, ঐক্যবদ্ধ অসমৰ বাণীৰে সাম্প্ৰতিকতা, ঘৃণা আদি ওফৰাই সুদুৰ ধুবুৰীৰ পৰা শদিয়াৰ লৈ আৰম্ভ কৰা “এক অসম যাত্ৰা” কাৰ্যসূচীত শনিবাৰে পুৱা জাতীয় সাজ পৰিধান কৰি গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ লুৰিন জ্যোতি গগৈৰ মন্তব্য “সাতামপুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰতিৰ বৰভেটি ভাঙি থানবান কৰি দিবৰ কাৰণে অশুভ শক্তিসমুহক নাশ কৰিবৰ বাবে আমি আটায়ে ঐক্যবদ্ধ হব লাগিব। গুৰু শঙ্কৰৰ আদৰ্শ আমি হৃদয়ত স্থাপন কৰিব লাগিব আৰু সেই আদৰ্শৰে সমাজখনক আগুৱাই নিব লাগিব৷ উল্লেখ্য যে এই যাত্ৰাত লুৰীণজ্যেতি গগৈৰ সৈতে অসম জাতীয় পৰিষদৰ উপ সভাপতি ছমচেৰ সিং,মহিলা সাংগঠনিক সম্পাদিকা অৱন্তিকা দেৱীকে আদিকে ধৰি ভালেই সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।