ভোগালীৰ আনন্দৰ মাজতে নলবাৰীত শোকাবহ পথ দুৰ্ঘটনা! মৃত্যু যুৱকৰ

276

ভোগালীৰ আনন্দ-উলাহৰ মাজতে নলবাৰীত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ হাজো-নলবাৰী পথৰ বেতকাটাত সংঘটিত হয় এই দুৰ্ঘটনা৷

এখন অট’ৰিক্সা, বাইক আৰু এখন স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় এজন স্কুটী আৰোহীয়ে। নিহত ব্যক্তিজন নলবাৰীৰ কৰিয়াৰ প্ৰণৱ দাস বুলি জানিব পৰা গৈছে ৷

আনহাতে AS 01 RC 3154 নম্বৰৰ অট’ৰিক্সাৰ তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত৷ আহত আটাইকেইজনকে নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে৷ আহত সকলৰ নাম আৰু পৰিচয় জানিব পৰা হোৱা নাই৷

জানিব পৰা মতে, শহুৰেকৰ ঘৰত বিহু খাই নিশা এখন নম্বৰপ্লেট বিহীন স্কুটীৰে নলবাৰীৰ পৰা হাজো অভিমুখে গৈ থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় প্ৰণৱ দাসে৷ আনহাতে অট’খন গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী আছিল৷ ইফালে AS 25 L 6364 নম্বৰৰ এখন হিৰো মটৰ চাইকেলো এই দুৰ্ঘটনাত পতিত হয়৷ মটৰ চাইকেল আৰোহীজনৰো পৰিচয় জানিব পৰা হোৱা নাই