সমাগত অসম বিধানসভা নিৰ্বাচন । ১৪ ফেব্ৰুৱাৰীত শিৱসাগৰলৈ আহিব ৰাহুল গান্ধী । শিৱসাগৰৰ বৰ্ডিং ফিল্ডৰপৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। শিৱসাগৰত এক বিশাল ৰেলীত অংশ ল’ব ৰাহুল গান্ধীয়ে । এই কথা উল্লেখ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ।
ইতিমধ্যেই সকলো ব্যৱস্থাপনা সমাপন কৰিছে শিৱসাগৰত । ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কমেও ২০,০০০ দলীয় কৰ্মীৰ উপস্থিতি আশা কৰিছে এই নিৰ্বাচনী প্ৰচাৰ অভিযানত । উল্লেখ্য, শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত আছে । তেনে পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীৰ এই শিৱসাগৰ ভ্ৰমণে কংগ্ৰেছৰ বাবে এক শক্তিশালী ভূমিকা পালন কৰিব আগন্তুক নিৰ্বাচনত ।
