ভেকচিন চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰীৰ ছবি থকাৰ বাবে বিমান বন্দৰত হাঁহিয়াতৰ পাত্ৰ হ’ল ভাৰতীয় মহিলা

860

ডিজিটেল ডেস্কঃ ‘আপোনাৰ ভেকচিন চাৰ্টিফিকেটত অন্যৰ ছবি কিয়? আমাক কি বুৰ্বক বনোৱাৰ চেষ্টা কৰিছে নেকি?’ -এগৰাকী ভাৰতীয় মহিলাৰ ভেকচিন চাৰ্টিফিকেট দেখি লণ্ডনৰ বিমান বন্দৰত এনেদৰে জাঙুৰ খাই উঠিল এগৰাকী কৰ্মচাৰী। দৰাচলতে ভাৰতীয় মহিলাগৰাকীৰ ভেকচিন চাৰ্টিফিকেটত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি।

ভাৰতত কোভিড ভেকচিনৰ টীকা গ্ৰহণ কৰাৰ পিছত চৰকাৰৰ তৰফৰ পৰা প্ৰমাণ স্বৰূপে প্ৰদান কৰা হয় এখন প্ৰমাণপত্ৰ। য’ত থাকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। কিন্তু চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰীৰ এই ছবিৰ বাবেই লণ্ডনৰ বিমান বন্দৰত হাঁহিয়াতৰ পাত্ৰ হব লগা হ’ল দিপ্তী তামহানে নামৰ এগৰাকী মহিলা।

দৰাচলতে ছ’চিয়েল মিডিয়াত এই অভিজ্ঞতা সম্পৰ্কত এটা পোষ্ট লিখিছে দিপ্তী তামহানে। য’ত তেওঁ লিখিছে যে লণ্ডনলৈ যোৱাৰ সময়ত তেওঁ ফ্ৰাংকফুৰ্ট বিমান বন্দৰৰ লুফথানছাৰ কাষ্টমাৰ কেয়াৰ ডেস্কৰ ওচৰলৈ যায়। য’ত তেওঁৰ সমগ্ৰ নথি পৰীক্ষা কৰা হয়। সেই সময়ত কাষ্টমাৰ কেয়াৰ ডেস্কত বহি থকা মহিলাগৰাকীয়ে দীপ্তী তামহানেৰ ভেকচিন চাৰ্টিফিকেটখনো চাব বিচাৰে। যাৰ পিছতে ঘটে অথন্তৰ।

কাষ্টমাৰ কেয়াৰৰ মহিলাগৰাকীয়ে দিপ্তী তামহানেৰ পাছপ’ৰ্টৰ ফটোৰ সৈতে ভেকচিনৰ চাৰ্টিফিকেটৰ ফটোখন মিলাই যেতিয়া অমিল পায়, তেতিয়াই জাঙুৰ খাই উঠে। ক্ষুণ্ণ হৈ তেওঁ দিপ্তী তামহানেক কয়, ‘আপোনাৰ ভেকচিন চাৰ্টিফিকেটত আনৰ ফটো কিয়? আমাক কি বুৰ্বক বুলি ভাবিছে নেকি? আপুনি ভুৱা চাৰ্টিফিকেট দেখুৱাইছে।’

ক্ষুণ্ণ হৈ পৰা বিমান বন্দৰৰ মহিলা কৰ্মচাৰীগৰাকীৰ সন্মুখত প্ৰথমে কি ক’ব সেয়া দিপ্তী তামহানে যেন ভাৱি নাপালে। কিছু সময় মনে মনে থকাৰ পিছত লাহেকৈ তেওঁ কয়, ‘দৰাচলতে এয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ফটো।’

দিপ্তী তামহানেৰ এই মন্তব্যৰ পিছতে অট্টহাস্য মাৰিবলৈ ধৰে মহিলা কৰ্মচাৰীজনে। বিমান বন্দৰৰ অন্য কৰ্মচাৰীসকলকো তেওঁ চাৰ্টিফিকেটখন দেখুৱাবলৈ ধৰে। যাৰ পিছত বিমান বন্দৰত কিছু সময়ৰ বাবে হাঁহিৰ ৰোল উঠে। অৱশ্যে দিপ্তী তামহানেৰ ভেকচিন চাৰ্টিফিকেটখন পিছত বৈধ বুলি গ্ৰহণ কৰে বিমান বন্দৰ কৰ্মচাৰীয়ে।

দিপ্তী তামহানে ছ’চিয়েল মিডিয়াত তেওঁৰ এই অভিজ্ঞতা শ্বেয়াৰ কৰাৰ পিছতে এতিয়া নেটিজেনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই এয়া কেৱল এক হাঁহিৰ খোৰাক বুলি ধৰি ল’লেও আন একাংশই এতিয়া দাবী উত্থাপন কৰিছে যে ভেকচিন চাৰ্টিফিকেটৰ পৰা প্ৰধানমন্ত্ৰীৰ ফটো আঁতৰাই ভেকচিন গ্ৰহণকাৰীৰ ফটো সংলগ্ন কৰা উচিত।