‘ভেকচিন, অক্সিজেন আৰু ঔষধৰ লগতে এতিয়া সম্ভেদ নাই প্ৰধানমন্ত্ৰীৰো’

102

কোৰোনাই গ্ৰাস কৰিছে সমগ্ৰ দেশ। কোভিড-১৯ৰ দ্বিতীয় লহৰত চৌদিশে এতিয়া এক আতংকময় পৰিৱেশ। প্ৰতিদিনে সংক্ৰমিত ৰোগী আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। হাস্পতালত বিচনা নাই। বিচনা পালে ৰোগীয়ে নাপায় পৰ্যাপ্ত চিকিৎসা। অক্সিজেনৰ অভাৱত মৃত্যুক সাৱটিবলগীয়া হৈছে কোভিড আক্ৰান্ত ৰোগীয়ে। ইফালে ভেকচিন বিচাৰি নাগৰিকৰ হাহাকাৰ।

এনে পৰিস্থিতিত চৰকাৰে যি ভূমিকা পালন কৰিব লাগিছিল, সেই ভূমিকা পালন কৰাত যেন ব্যৰ্থ হৈছে। তাৰ বাবেই চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধীয়ে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কোভিড পৰিস্থিতিক লৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক সমালোচনা কৰি আহিছে। দুমাহ পূৰ্বেই তেওঁ কোৰোনাৰ দ্বিতীয় লহৰৰ আতংকৰ বিষয়ে সকিয়াই দিছিল। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি ৰাহুল গান্ধীয়েই আহ্বান জনাইছিল সকলো নাগৰিককে বিনামূলীয়া ভেকচিন প্ৰদানৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লকডাউনৰো পোষকতা কৰিছিল ৰাহুল গান্ধীয়ে।

কিন্তু ৰাহুল গান্ধীৰ পৰামৰ্শই চৰকাৰৰ ওচৰত গুৰুত্ব নাপালে। এতিয়া পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে মৃতকৰ চিতা জ্বলাবলৈও ঠাইৰ অভাৱ ঘটিছে বহু ৰাজ্যত।

কোৰোনাকালৰ মাজতো নিজৰ প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ এবাৰ সমালোচনা কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। টুইটাৰত তীক্ষ্ণ সমালোচনা কৰি তেওঁ লিখিছে- ভেকচিন, অক্সিজেন আৰু ঔষধৰ লগতে এতিয়া প্ৰধানমন্ত্ৰীও নিৰুদ্দেশ হৈছে। যি আছে, সেয়া হৈছে চেণ্ট্ৰেল ভিষ্টা, ঔষধৰ ওপৰত লগোৱা জিএছটি আৰু অ’ত ত’ত ওলমি থকা প্ৰধানমন্ত্ৰীৰ আলোকচিত্ৰ।

বুধবাৰেও দেশৰ কোভিড পৰিস্থিতিত আক্ষেপ ব্যক্ত কৰি ৰাহুল গান্ধীয়ে টুইট কৰিছিল। য’ত তেওঁ লিখিছিল যে কোৰোনাক লৈ বাৰে বাৰে দুঃখবৰবোৰ প্ৰচাৰ হৈছে। কিন্তু যি প্ৰাৰম্ভিক সমস্যা, সেই সমস্যাৰে এতিয়াও সমাধান কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰুৰতা দেশবাসীয়ে আৰু কিমান দিনলৈ এনেকৈ সহ্য কৰিব লাগিব? আজিৰ পৰিস্থিতিৰ বাবে যিগৰাকী জবাবদিহী হব লাগিছিল, তেওঁতো এতিয়া ক’ৰবাত গোপনে লুকুৱাই আছে।

দেশত সঁচাকৈয়ে এতিয়া কোৰনাৰ ভয়ংকৰ পৰিস্থিতি। দুঃখবৰবোৰ প্ৰচাৰ নকৰো বুলিও নকৰাকৈ থাকিব নোৱাৰি। জনতা সচেতন হৈছে, কিন্তু চৰকাৰ-প্ৰশাসনৰ ভুল সিদ্ধান্তৰ পৰিণাম আজি জনতাই ভোগ কৰিবলগা হৈছে। বুধবাৰৰ দিনটোত ভাৰতত কোভিড আক্ৰান্ত হৈছে ৩ লাখ ৪৮ হাজাৰ ৪২১ জন। মৃত্যু ঘটিছে ৪২০৫ জনৰ। মঙলবাৰৰ দিনটোত ৩ লাখ ২৯ হাজাৰ ৯৪২ জন এই মহামাৰীৰ কবলত পৰিছিল। মঙলবাৰে মৃত্যু ঘটিছিল ৩৮৭৬ জনৰ। এই সংখ্যা এতিয়া সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক। চৰকাৰে সঠিক সময়ত সঠিক ব্যৱস্থা এই মহামাৰী প্ৰতিৰোধৰ বাবে গ্ৰহণ নকৰাৰ ফলতেই এতিয়া প্ৰতিদিনে মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ কোৰোনা ৰোগী। কিন্তু তাৰ পিছতো যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে কেৱল নিজৰ ভাৱমূৰ্তি ৰক্ষা আৰু নিজকে মহান সজোৱাৰ কামতে ব্যস্ত হৈ থাকে, তেন্তে বিৰোধী আৰু সাধাৰণ জনতাৰ ওচৰত তেওঁ জবাবদিহী হোৱাৰ নিশ্চয় প্ৰয়োজন। অন্যথা দেশৰ এনে ভয়ংকৰ পৰিস্থিতিৰ দায়িত্ব মূৰ পাতি লবই লাগিব।