ভূমি বিবাদক লৈ ঘোৰামাৰাঁ পথাৰ গাওঁত সৃষ্টি হৈছে চেপা উত্তেজনাৰ।

249

ভূমি বিবাদক লৈ ঘোৰামাৰাঁ পথাৰ গাওঁত সৃষ্টি হৈছে চেপা উত্তেজনাৰ।

দক্ষিন কামৰূপৰ ঘোৰাঁমাৰা পথাৰ গাওঁৰ এল পি স্কুলৰ বাবে তোতামিঞা নামৰ লোকজনৰ পৰিয়ালে দান দিছিল মাটি।

বিদ্যালয়খনৰ কাষত থকা তোতামিঞাৰ আন এডোখৰ নিজা ম্যাদী ও দখলীয় মাটি কেইজনমান ব্যক্তিয়ে বলপূৰ্বক বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে।

আনকি তোতামিঞাই নিৰ্মাণ কৰা ঘৰ ভাঙি আচবাব নষ্ট কৰাৰ লগতে কাঠ টিন পুখুৰীত পেলাই দিয়ে বেদখলকাৰীয়ে।

ঘটনা সন্ধৰ্ভত তোতামিঞাই জোৰশিমূলী আৰক্ষী চকীত নুৰুল ইছলাম আৰু তেওঁৰ সাঙ্গোপাঙ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উত্তেজিত পৰিৱেশৰ খবৰ পাই জোৰশিমূলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আৰক্ষী বিষয়াজনে গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে ঘটনাৰ তদন্তমৰ্মে আইনীয় পৰিক্ৰিয়াৰে সমাধান কৰাৰ কথাৰে দুয়ো পক্ষক বুজনি দিয়ে।

আইনীয় সিদ্ধান্ত নহালৈকে কাজিয়া পেচাল নকৰাকৈ মিলা-প্ৰীতিৰে চলিবলৈ দুয়োপক্ষক আহ্বান জনায় আৰক্ষী বিষয়াজনে।