ভূমিকম্পৰ ফলত গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰত আতংকময় পৰিৱেশ

77

আজি পুৱা ৭.৫১ বজাত সমগ্ৰ অসম জোকাৰি গ’ল ৰিখটাৰ স্কেলত ৬.৭ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পই। এই ভূমিকম্পত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ক্ষতিসাধন হয় গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰো। কেন্দ্ৰটোৰ অএচি প্লেণ্টত থকা গেছ চিলিণ্ডাৰ নিৰ্গত হৈ দুৰদৰ্শন কেন্দ্ৰত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।

ভূমিকম্পৰ ফলত অ’এচি প্লেন্টৰ কেইবাটাও চিলিণ্ডাৰ বাগৰি পৰে আৰু গেছ চিলিণ্ডাৰ নিৰ্গত হয়। যাৰ ফলত সমগ্ৰ কোঠাটো ধোঁৱাৰে ভৰি পৰে। পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ লগতে মহানগৰীৰ গণেশগুৰি, হাতিগাঁও, ধীৰেণপাৰা আদি বিভিন্ন প্ৰান্তত অট্টালিকাত ফাঁট মেলা পৰিলক্ষিত হয় ভূমিকম্পৰ ফলত।