ভূমিকম্পৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ

69

৬.৭ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ফৌনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান প্ৰধানমন্ত্ৰীৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ক্ষয়-ক্ষতিৰ বুজ লবলৈ মুখ্যমন্ত্ৰীক আহ্বান অমিত শ্বাহৰ।

অসমবাসীৰ সৈতে কেন্দ্ৰীয় চৰকাৰ সদায় আছে বুলিও মন্তব্য কেন্দ্ৰীয় গতৃহমন্ত্ৰীগৰাকীৰ।

আজি পুৱা সমগ্ৰ অসম জোকাৰি গৈছিল প্ৰচণ্ড ভূমিকম্পই।

তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৰাজ্যত।

ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ মেগনিটিউড।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়-ক্ষতি হোৱা দেখা গৈছে এই ভূমিকম্পৰ পিছত।

শোনিতপুৰ জিলা আছিল এই ভূইকঁপৰ অভিকেন্দ্ৰ।