ভুৱা মাৰ্কশ্বিটৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই শুকুৰবাৰে নগাঁৱৰ মৰিকলঙৰ নগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ পি আৰ সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত অভিযান চলায়।
উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহত নগাঁৱৰ মধুপুৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ভুৱা প্ৰমাণপত্ৰ। তাৰ পিছতেই এই গোচৰটো নগাঁও আৰক্ষীয়ে চিআইডিক হস্তান্তৰ কৰিছিল।
চিআইডিৰ অনুসন্ধানত ভুৱা প্ৰমানপত্ৰৰে টেটত নিযুক্তি লাভৰ বিস্ফোৰক তথ্য পোহৰলৈ আহে। এই সন্দৰ্ভতে শুকুৰবাৰে নিশা পুনৰ চিআইডিৰ দলটোৱে নগাঁৱত অভিযান চলায়। অভিযানকাৰী দলটোৱে পি আৰ সৰকাৰৰ ঘৰৰ দুটাকৈ কোঠা ছীল কৰাৰ পিছত নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয়।
সদৰ থানাত পুনৰ দুগৰাকী লোকক জেৰা কৰাৰ পিছতে গুৱাহাটী অভিমুখে উভতি যায় তদন্তকাৰী দলটো। অৱশ্যে অভিযান সন্দৰ্ভত নগাঁও আৰক্ষীৰ লগতে চিআইডিৰ দলটোৱে সম্পূৰ্ণ নীৰৱতা অবলম্বন কৰিছে।