ভুৱা টিআৰপি বিবাদঃ আগন্তুক ৩ মাহলৈ টিভি চেনেলৰ টিআৰপি বন্ধ ৰাখিব BARCয়ে

59

ডিজিটেল ডেস্কঃ ভুৱা টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি)ক সৃষ্টি হোৱা বিবাদৰ মাজতে আগন্তুক ৩ মাহৰ বাবে টিভি চেনেলৰ সাপ্তাহিক ৰেটিং বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেটিং এজেন্সী BARCয়ে।

উল্লেখ্য যে, অসৎ প্ৰক্ৰিয়াৰে টিআৰপি বৃদ্ধি কৰাক লৈ মুম্বাই আৰক্ষীয়ে এক বৃহৎ ৰেকেট পোহৰলৈ আনিছিল। BARCৰ অভিযোগ অনুসৰি চলোৱা অনুসন্ধানত মুম্বাইৰ আৰক্ষীয়ে পোহৰলৈ আনিছিল তিনিটা সংবাদ প্ৰতিষ্ঠানৰ নাম। অভিযোগ অনুসৰি, এই সংবাদ প্ৰতিষ্ঠান কেইটাই অসৎ প্ৰক্ৰিয়াৰে নিজৰ ৰেটিং পইণ্টত সালসলনি ঘটাইছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰিপাব্লিক টিভিলৈও এই সন্দৰ্ভত ইতিমধ্যে চমন জাৰি কৰিছে আৰক্ষীয়ে। আনহাতে দুটা মাৰাঠী টিভি চেনেলৰ মালিকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা হৈছে বুলি জনাইছে মুম্বাই আৰক্ষীয়ে।