ভীমা কোৰেগাও গোচৰঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৮৩ বৰ্ষীয় মানৱাধিকাৰ কৰ্মী ফাদাৰ ষ্টেন স্বামীক

54

ডিজিটেল ডেস্কঃ এলগাৰ পৰিষদ কাণ্ডত মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৮৩ বৰ্ষীয় মানৱাধিকাৰ কৰ্মী ফাদাৰ ষ্টেন স্বামীক মুম্বাইৰ এখন বিশেষ এএনআই আদালতে ২৩ অক্টোবৰ পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, এনআইএয়ে বৃহস্পতিবাৰে ফাদাৰ ষ্টেন স্বামীক ৰাঁচীস্থিত তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁক শুকুৰবাৰে এনআইএৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, স্বামীক পূৰ্বেও এনআইএ আৰু পুনে আৰক্ষীয়ে দুবাৰকৈ সোধা-পোছা কৰিছে। মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ফাদাৰ ষ্টেন স্বামী এই গোচৰৰ ১৬ সংখ্যক ব্যক্তি। তেওঁৰ বিৰুদ্ধে আইপিচি আৰু ইউএপিএৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।