ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো আৰু দীৰ্ঘম্যাদী ভিছা (এলটিভি)ৰ বাবে কৰা আবেদন নাকচ হোৱাৰ পিছতো ভাৰতত বসবাস কৰি অহা হিন্দু সম্প্ৰদায়ৰ ৪৫ জন পাকিস্তানী নাগৰিকক গুজৰাটৰ বানাস্কান্তত আটক কৰে আৰক্ষীয়ে।
স্থানীয় চোৰাংচোৱা ব্যুৰোৰ আৰক্ষী পৰিদৰ্শক সন্তোষ ধোবীয়ে জনোৱা মতে, বানাস্কান্তৰ আকলি গাঁৱৰ পৰা আটক কৰি তেওঁলোকক পাকিস্তানলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া চলি আছিল।
“এই পাকিস্তানী নাগৰিকসকলে উত্তৰাখণ্ডৰ হৰিদ্বাৰ ভ্ৰমণ কৰিবলৈ ভাৰতত আছিল আৰু আত্মীয়ক লগ কৰিবলৈ বানাস্কান্তলৈ আহিছিল। যোৱা দুমাহ ধৰি বৈধ ভিছা লৈ ভাৰতত আছিল। ভিছাৰ ম্যাদ উকলি যোৱাৰ বাবে আৰু এলটিভি অনুমোদন নোহোৱাৰ বাবে তেওঁলোকে অতিৰিক্ত সময় আছিল।” ধোবিয়ে ক’লে।
যোৱা চাৰি-পাঁচ দিন ধৰি তেওঁলোক বানাস্কান্তত আছিল বুলিও তেওঁ লগতে কয়।