প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীৰ ৯৯ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে গোটেই জীৱন ৰাষ্ট্ৰ নিৰ্মাণত দ্ৰুত গতিত কাম কৰি আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত কয়- দেশৰ পৰিয়ালৰ সকলো সদস্যৰ হৈ, মই আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ জন্ম জয়ন্তীত তেওঁৰ ওচৰত নমস্কাৰ জনাইছো । তেওঁ গোটেই জীৱন ৰাষ্ট্ৰ নিৰ্মাণত গতি প্ৰদান কৰাত নিয়োজিত আছিল। ভাৰত মাতৃৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱা আনকি অমৃতকালতো অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।” প্ৰধানমন্ত্ৰীয়ে পিছত বাজপেয়ীৰ স্মাৰক ‘সদাইভ অটল’ পৰিদৰ্শন কৰে আৰু তেওঁক পুষ্পাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নাড্ডা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।
