ভাৰত-নেপালৰ মাজত ১৭ আগষ্টত বৈঠকঃ পুনৰ মধুৰ হ’ব সম্পৰ্ক

122

ডিজিটেল ডেস্কঃ ভাৰত-নেপালৰ মাজৰ সম্পৰ্কক লৈ বৃদ্ধি পোৱা অসন্তুষ্টিৰ পিছত প্ৰথমবাৰলৈ যুটীয়া বৈঠকত মিলিত হ’ব ভাৰত-নেপালৰ ৰাষ্ট্ৰদূত। ভাৰতৰ চৰকাৰৰ এক সূত্ৰই সদৰী কৰা মতে, অহা ১৭ আগষ্টত অনুষ্ঠিত হ’ব এই বৈঠক।

খবৰ অনুসৰি, নেপালস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহব কাক্ষা আৰু নেপালৰ বিদেশ সচিব শংকৰ দাস বৈৰাগীয়ে ১৭ আগষ্টত এক বৈঠকত মিলিত হৈ দুয়োখন দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব।

উল্লেখ্য যে, নেপালৰ প্ৰধানমন্ত্ৰী কে পি ওলীৰ বিবাদিত মানচিত্ৰ, ভগৱান ৰামচন্দ্ৰৰ জন্মস্থানক লৈ কৰা মন্তব্য আৰু লিপুলেখ-কালাপানী পথ বিবাদৰ পিছতে ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কত তিক্ততা নামিছিল। ইয়াৰ মাজতে চীনৰ সৈতে ভাৰতৰ সংঘাতৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰ নেপালে চীনক সমৰ্থন আগবঢ়োৱা বুলিও চৰ্চা চলিছিল। দুয়োখন ৰাষ্ট্ৰৰ মাজত ২০১৬ চনৰ পৰাই প্ৰতিবছৰে বৈঠক অনুষ্ঠিত হৈ আহিছে যদিও দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কলৈ অহা জটিলতাৰ পিছত এয়া হ’ব ভাৰত-নেপালৰ প্ৰথম বৈঠক।