ভাৰত-আফগানিস্তানৰ খেলৰ পূৰ্বে ডুবাই ষ্টেডিয়ামত অগ্নিকাণ্ড…

7753

ডুবাইত ভাৰতৰ অন্তিমখন খেলৰ পূৰ্বে ডুবাই ষ্টেডিয়ামত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰৰ সমীপত সংঘটিত হয় অগ্নিকাণ্ড।

উল্লেখ্য যে, আজি আফগানিস্তানৰ বিৰুদ্ধে ক্ৰীড়াংগণত অৱতীৰ্ণ হ’ব ভাৰত।

ভাৰতৰ অন্তিমখন মেচৰ প্ৰায় দুঘণ্টা পূৰ্বে সংঘটিত এই অঘটনে চিন্তাত পেলাইছে আয়োজক কৰ্তৃপক্ষক।

উল্লেখ্য যে এছিয়া কাপ জয়ৰ অন্যতম দাবীদাৰ ভাৰতে প্ৰতিযোগিতাখনৰ ছুপাৰ চাৰিত দেখুওৱা অত্যন্ত হতাশাজনক প্ৰদৰ্শনৰ বাবে টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল।

ভাৰতে ছুপাৰ চাৰিৰ প্ৰথমখন মেচত পাকিস্তান আৰু দ্বিতীয়খন মেচত শ্ৰীলংকাৰ হাতত পৰাজয়ৰণ কৰিছিল।

এই মেচ দুখনত পৰাস্ত হোৱাৰ লগে লগে টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশৰ পথ ৰুদ্ধ হৈ পৰিছিল ভাৰতৰ। অৱশ্যে আজি ছুপাৰ চাৰিৰ অন্তিমখন মেচত ভাৰতে আফগানিস্তানক পৰাস্ত কৰি জয়ৰ ধাৰালৈ উভটিব বিচাৰিব।

ইফালে প্ৰতিযোগিতাখনৰ ফাইনেলত অৱতীৰ্ণ হ’ব পাকিস্তান-শ্ৰীলংকা।