ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গাই প্ৰধানমন্ত্ৰী মোদীৰ চৰণ স্পৰ্শ আমেৰিকান-আফ্ৰিকান গায়িকাৰ

431

আমেৰিকান-আফ্ৰিকান গায়িকা মেৰী মিলবেনে ৱাশ্বিংটন ডিচিৰ ৰোনাল্ড ৰেগান ভৱনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।

তাৰ পিছতে গায়িকাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰে।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে মোদীৰ চৰণ স্পৰ্শ কৰাৰ দৃশ্য।

মেৰীয়ে এএনআইক কয়, “মই ইয়াত উপস্থিত হৈ সন্মানিত হৈছো। প্ৰধানমন্ত্ৰী ইমান সুন্দৰ আৰু ভাল মানুহ।”

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে।