ভাৰতৰ হাতত পৰাস্ত পাকিস্তান, কিন্তু ‘মহব্বত কি দুকান’ৰ পৰা এটা শব্দও নাহিলঃ হিমন্ত বিশ্ব শৰ্মা

675

শনিবাৰে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত এদিনীয়া বিশ্বকাপ মেচত ভাৰতে পাকিস্তানক পৰাস্ত কৰাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কালি বিশ্বকাপ ক্ৰিকেটত ভাৰতে পাকিস্তানক পৰাস্ত কৰে। সমগ্ৰ দেশেই আনন্দত আত্মহাৰা হৈ পৰিছে। কিন্তু ‘মহব্বত কি দুকান’ৰ মুখৰ পৰা এটা শব্দও নোলাল।”

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি কৰা শেহতীয়া টুইটটোৱে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘ঘৃণাৰ বজাৰত ভালপোৱাৰ দোকান’ শ্লোগান দিছিল। সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছিল গান্ধীৰ এই শ্লোগান।

যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ পৰাই ৰাজনীতিৰ আদিপাঠ শিকি এতিয়া হিন্দুত্ববাদৰ জয়গান গোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া অন্য বিজেপি নেতাৰ দৰেই ৰাহুল গান্ধীৰ ভাৱমূৰ্তি হেয় কৰিবলৈ উঠিপৰি লাগিছে।